A Tale from Assam

এজন ৰজা আছিল। এদিন তেওঁ এটা কথা জানিবলৈ বিচাৰিলে যে তেওঁৰ ৰাজ্যত ঘৰ-গৃহস্থীবোৰ স্বামীৰ ইচ্ছামতে চলে নে পত্নীৰ ইচ্ছা মতে চলে। তেওঁ মহামন্ত্ৰীক মাতি আলোচনা কৰিলে আৰু ৰাজ্যত ঘোষণা কৰিলে যে যাৰ ঘৰত পতিৰ হুকুম চলে তেওঁ ৰজাৰ ঘোঁৰাশালৰ পৰা নিজৰ পচন্দমতে যিকোনো এটা ঘোঁৰা লৈ যাব পাৰিব আৰু যাৰ ঘৰত পত্নীৰ হুকুম চলে তেওঁলোকে এটাকৈ বাচন লৈ যাব পাৰিব।

ঘোষণা শুনাৰ পিছত নাগৰিক সকল আহিল আৰু সকলোৱে এটাকৈ বাচন লগত লৈ ঘূৰি গুচি গ’ল। ৰজা বৰ আচৰিত হ’ল, তেওঁৰ ৰাজ্যত এনে কোনো পুৰুষ নাই নেকি যে যাৰ ঘৰত কেৱল পুৰুষজনৰ হুকুমহে চলে ! এনেতে এজন ব্যক্তি আহি ক’লে “মহাৰাজ, মোৰ ঘৰত কেৱল মোৰ হুকুম চলে !” এতিয়া মোক ঘোঁৰা দিয়ক। ৰজায়ো আনন্দত তেওঁক ঘোঁৰাশালৰ পৰা নিজৰ পচন্দমতে এটা ঘোঁৰা লৈ যাবলৈ কোৱাত ব্যক্তিজনে এটা ক’লা ঘোঁৰা লৈ গুচি গ’ল আৰু কিছুসময়ৰ পিছত আকৌ ঘূৰি আহিল।

ৰজা = কি হ’ল সাহসী পুৰুষ ? আকৌ ঘূৰি আহিলা যে ?

ব্যক্তি = মহাৰাজ, পত্নীয়ে কৈছে যে ক’লা ৰঙটো অশুভ। বগা ৰঙটো শান্তিৰ প্ৰতীক। সেইবাবে পত্নীয়ে বগা ঘোঁৰা এটা লৈ যাবলৈ কৈছে।

ৰজা = ঐ.. তই ঘোঁৰা ৰাখ আৰু বাচন এটা লৈ আঁতৰি যা আৰু ঘূৰি নাহিবি।

এনেকৈ সকলো নাগৰিক আহিল আৰু সকলোৱে বাচন লৈ গুচি গ’ল।

মাজৰাতি মহামন্ত্ৰী ৰজাৰ শয়ন কক্ষলৈ আহিল আৰু ৰজাক ক’লে- মহাৰাজ, আপুনি পুৰস্কাৰ হিচাপে বাচন আৰু ঘোঁৰা দিয়াতকৈ ঘেঁ‌হু দিয়া হ’লে প্ৰজাগণে কিছুদিন আৰামত খাব পাৰিলেহেঁতেন।

মহাৰাজ = ময়ো প্ৰথমে ঘেঁ‌হু আৰু সোণৰ মুদ্ৰা দিম বুলিয়ে ভাবিছিলোঁ। পিছে ৰাণীয়ে ক’লে বাচন আৰু ঘোঁৰা দিয়ক। সেই বাবে তাকে দিলোঁ।

মন্ত্ৰী = তেন্তে মহাৰাজ, আপোনাৰ বাচনটো ক’ত থ’ম ?

ৰজাই হাঁ‌হি হাঁ‌হি ক’লে- মহামন্ত্ৰী, এই কথা আপুনি ৰাতিপুৱা ৰাজসভাত সুধিব পাৰিলেহেঁতেন, এই ৰাতিখন আহি সুধিলে যে ?

মন্ত্ৰী = মহাৰাজ, পৰিবাৰে ক’লে, এতিয়া মহাৰাজৰ ওচৰলৈ যাওক আৰু প্ৰকৃত সত্য কথাটো জানি আহক।

মহাৰাজ = মহামন্ত্ৰী, আপোনাৰ ভাগৰ বাচনটো নিজে লৈ যাব নে আপোনাৰ ঘৰলৈ পঠিয়াই দিম ?

টোকা = সমাজখন পুৰুষ প্ৰধান হ’লেও কিন্তু সংসাৰখন স্ত্ৰী প্ৰধান।

বিঃ দ্ৰঃ
আমাৰ শ্ৰীমতীয়ে কোৱা বাবেহে মইও share কৰিলোঁ৷
🤣🤣🤣

Leave a comment

Design a site like this with WordPress.com
Get started